July 18, 2024 7:53 PM

views 83

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 18, 2024 7:47 PM

views 79

বৰাক উপত্যকাৰ ৩ খন জিলাত প্ৰতি মাহে ২ জনকৈ মন্ত্রী ৩ দিন উপস্থিত থাকিব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

বৰাক উপত্যকাৰ তিনিখন জিলাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনত প্ৰতি মাহে দুজনকৈ মন্ত্রী তিনিদিন থাকিব বুলি আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে জিলাকেইখনৰ অভিভাৱক মন্ত্ৰীৰ লগতে আন দুজন মন্ত্ৰীয়ে বৰাকত বাহৰ পাতি বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰিব। প্ৰতি মাহে দুগৰাকী মন্ত্ৰী বৰাকৰ জিলা তিনিখনত তিনিদিন ভ্রমণ কৰি বিভিন্ন বিভাগৰ কাম-কাজৰ খতিয়ান ল'ব বুলি মন্ত্ৰী মল্ল বৰুৱাই প্ৰকাশ কৰে। ব...

July 18, 2024 5:38 PM

views 51

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ কৰে। এই বৃহৎ লক্ষ্য প্রাপ্তিত নিৰন্তৰ সহযোগিতা আৰু প্ৰয়াসৰ বাবে শিৱসাগৰৰ প্ৰতিজন বাসিন্দালৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ আৰু সুস্থ ভাৰতৰ লক্ষ্য পূৰ্ণৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁ স্বচ্ছ ভাৰত মিছন গ্রামীণ, অসমৰ প্ৰতিজন বিষয়াক শুভেচ্ছা জ্ঞাপন কৰে।

July 6, 2024 7:32 PM

views 89

শেহতীয়া বানত ৰাজ্যৰ প্ৰায় ৪৭ হাজাৰ লোকৰ ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰীত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ...

July 6, 2024 6:39 PM

views 56

শ্ৰীশ্ৰীযোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বর্ষ উদযাপন কাৰ্যসূচী আজি শুভাৰম্ভ

গোলাঘাট জিলাৰ বোকাখাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান শ্ৰীশ্ৰীযোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বর্ষ উদযাপন কাৰ্যসূচী আজি শুভাৰম্ভ কৰা হয়। উদ্যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে ১৯৬৬ চনতে স্থাপিত বোকাখাটৰ এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। আজি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতি তৰ্পন, মহাবিদ্যালয় চৌহদৰ ভিতৰতে সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লি ...

July 6, 2024 6:32 PM

views 47

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতিৰে প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেঁও লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা জ্ঞাপন কৰে। ড° শৰ্মাই কয় যে চিকিৎসা ক্ষেত্ৰত এই মাইলৰ খুটিয়ে ৰাজ্যত স্বাস্থ...

July 6, 2024 6:29 PM

views 54

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্রতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎসাসেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত্...

July 4, 2024 9:13 PM

views 51

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা ...

July 4, 2024 2:57 PM

views 59

আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযান ৰূপায়ণ

■ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। নীতি আয়োগে আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পৰ্যন্ত...

June 28, 2024 6:28 PM

views 33

মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও জিলা সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ অধীনত আজিৰে পৰা মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নডেল শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ৮জন প্ৰশিক্ষকে তিনি শতাধিক প্রাথমিক শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ তিনি-খলপীয়া পাঠদান সম্পৰ্কত এই প্ৰশিক্ষণ প্ৰদান কৰিছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি সমগ্ৰ শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া ৰুহিনী দত্তই তিনি-তৰপীয়া প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকসকলে পাঠদানৰ সময়ত হাতত ল'বলগীয়া ব্যৱস্থাৱলী ব্যাখ্যা কৰে।