August 19, 2024 8:26 PM
61
ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটং
থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটং আজি ডিব্ৰুগড়ত উপস্থিত হয়। ৰাষ্ট্রদূতগৰাকীয়ে বাণিজ্যিক তথা পৰ্যটনৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে এই দুয়োটা ক্ষেত্ৰতে ডিব্ৰুগড় জিলাত থকা ব্যাপক সম্ভাৱনা সম্পৰ্কত আলোচনা কৰিবলৈ জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। জিলাখনৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে ৰাষ্ট্ৰদূতগৰাকীক আদৰণি জনায়। তদুপৰি আজিৰ বৈঠকত ডিব্ৰুগড়ৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য প্ৰৱন্ধক মর্গেন মেষ্টন, পর্যটন উন্নয়ন বিষয়া মানৱ দাস আৰু ...