লখিমপুৰৰ বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ আজি পুৱা ৭৮ বছৰ বয়সত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। বিশিষ্ট চিত্রশিল্পীগৰাকী বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ আছিল। শিল্পীগৰাকীক ৰাজ্য চৰকাৰে ২০২২ চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰিছিল।
Assamese | August 13, 2024 2:02 PM | Akashvani | Local news
বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ মৃত্যু