গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেবোইন জব্দ কৰা হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলিগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তৰাষ্ট্ৰীয় মাদক দ্রব্য সৰবৰাহকাৰী চক্র উৎখাত কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ৭০ টা চাবোনৰ বাকচত লুকুৱাই অনা ৮৫০ গ্ৰামৰো অধিক হেৰোইন জব্দ কৰিছে। জব্দ কৰা হেবোইনখিনিৰ মূল্য প্রায় ২ কোটি টকা বুলি জানিব পৰা গৈছে।
হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই জিলাখনৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত চাহাবাদ গাওঁৰ পৰা এটা মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। এই মাদক দ্ৰব্যৰ বজাৰ মূল্য কমেও ৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে মাদক দ্রব্য সৰবৰাহকাৰীটোক সোধা পোচা অব্যাহত ৰাখিছে।
Assamese | June 1, 2024 8:02 PM | AIR GUWAHATI | Air news Guwahati | Akashvani News | Fancy and Lakhtakia | Guwahati City | Local news
ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ