মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা-খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থকা চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয়।
Assamese | June 13, 2024 6:10 PM | Akashvani Guwahati | Akashvani News | Assam | Local news
মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ অৱস্থাৰ বুজ আয়ুক্ত দেৱাশিষ শৰ্মাৰ