যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। জলসম্পদ, বন, লোকনিৰ্মাণ, আভ্যন্তৰীণ জল পৰিবহণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ, সমবায়, নগৰ পানীযোগান, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। এই বৈঠকত জিলা আয়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়ণ হোৱা বিভিন্ন আঁচনিৰ কাম-কাজসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নির্দেশ দিয়ে। আনহাতে মৰমৰ যোৰহাটৰ অধীনত জিলাখনৰ সকলো বিভাগকে সমন্বয়ৰে সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰি যাবলৈও জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়।
Assamese | June 13, 2024 6:06 PM | Akashvani News | Assam | Jorhat | Local news
যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন