তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি কেইবাটাও সংগঠনে বহিৰাগত লবীৰ ষড়যন্ত্ৰৰ ফলত অ এন জি চিৰ অসম সম্পদক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চলিছে বুলি অভিযোগ উত্থাপন কৰে। ইতিমধ্যে অ এন জি চিৰ অসম সম্পদৰ পৰা ৰসায়ন, ভূ-তত্ব আদি বিভাগসমূহ স্থানান্তৰিত কৰা কাৰ্যই এই অভিযোগত সত্যতা প্রমাণ কৰে বুলিও দল-সংগঠনসমূহে দাবী কৰে।
Assamese | June 1, 2024 8:04 PM | Assam | Local news | ONGC | Sivasagar
অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা