প্রকৃতিপ্রেমী সংগঠন আৰণ্যকৰ উদ্যোগত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু গঁড় সুৰক্ষাৰ বাবে কাজিৰঙাৰ পৰা ওৰাঙলৈ এটা সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজন কৰা ৰেলীটোত ১০ জনীয়া চাইক্লিষ্টৰ এটা দলে অংশগ্ৰহণ কৰে। বোকাখাটত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ৰেলীটোৱে আজি যাত্ৰা আৰম্ভ কৰে। সংৰক্ষণৰ অধিকাৰ শীৰ্ষক বাৰ্তাৰে পৰিচালিত ৰেলীটোৱে তিনি দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ৯০ কিলোমিটাৰ অতিক্ৰম কৰি কলিয়াভোমোৰাত নিশা যাপন কৰিব। কাইলৈ পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰি ওৰাঙলৈ ৰাওনা হ’বলগীয়া দলটোৱে যাত্ৰাৰ পথত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাঘ্ৰ সংৰক্ষণ আৰু গঁড় সুৰক্ষাৰ ক্ষেত্ৰত সজাগতামূলক সভা অনুষ্ঠিত কৰিব। মঙলবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যাত্ৰা আৰম্ভ কৰি বল্লভাই পেটেল হাইস্কুলত সজাগতামূলক সভাৰ আয়োজনেৰে এই চাইকেল ৰেলীৰ সামৰণি মৰা হ’ব।
Assamese | May 19, 2024 8:52 PM | Local news
আৰণ্যকৰ উদ্যোগত কাজিৰঙাৰ পৰা ওৰাঙলৈ সজাগতামূলক চাইকেল ৰেলী