সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজি নলবাৰী নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে জনপদ- সংস্কৃত সন্মিলন আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সন্মিলনখন নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে উদ্বোধন কৰে। সন্মিলনত উপস্থিত বিশিষ্ট বক্তাসকলে সংস্কৃত ভাষাৰ ইতিহাস আৰু বৰ্তমান সময়ৰ ইয়াৰ প্ৰাসংগিকতা সম্পর্কে সমবেতসকলক অৱগত কৰে। উল্লেখযোগ্য যে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনমুখী উপযোগিতাৰ প্ৰয়াসেৰে প্রতি তিনি বছৰৰ অন্তৰে অন্তৰে এই সন্মিলনখন ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হয় ৷
Assamese | May 19, 2024 7:53 PM | Local news
সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নলবাৰীত জনপদ-সংস্কৃত সন্মিলনৰ আয়োজন