জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰিবলগীয়া ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ বাইখোৰ কাৰণে দুধনৈ আঞ্চলিক ছাত্র সভাই প্রস্তুতি অব্যাহত ৰাখিছে। অহা ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ উদযাপন কৰা হ’ব। দুধনৈ ৰাজহুৱা খেলপথাৰত আজি এই উদ্দেশ্যেৰে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। উল্লেখযোগ্য যে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বাইখো উৎসৱৰ এই বছৰ ২৫ বছৰ পূর্তি উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হ’ব।
Assamese | May 12, 2024 7:05 PM | Local news
দুধনৈত ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ