ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰীৰ বিলাসীপাৰাৰ বৰবৰুৱাঝাৰ গাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই তিনিটা মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক আটক কৰে। উল্লেখযোগ্য যে কিছুদিন আগেয়ে অঞ্চলটোত আৰক্ষীয়ে কেইবাজনো মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে চলোৱা দুটা সুকীয়া অভিযানত দুজন মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰা হৈছে। ৰূপহীহাটৰ কুচগাঁও আৰু তামুলীটুপত যোৱা নিশা চলোৱা অভিযানত আৰক্ষীয়ে লোক দুজনক আটক কৰে। ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে এটা মাদক দ্রব্যভর্তি চাবোনৰ বাকচ জব্দ কৰিছে। অধিক তথ্যৰ বাবে দুয়োজন লোকক জেৰা কৰি থকা হৈছে।
Assamese | May 11, 2024 7:58 PM | Assam | Local news
ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত