অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ সভাকক্ষত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন কাব্য গ্ৰন্থ আৰু এখন চুটি গল্প সংকলন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সভাত বাণ থিয়েটাৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সৈতে জড়িত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে প্রথম অসমীয়া ঔপন্যাসিকগৰাকীৰ সাহিত্য কীর্তি আৰু সামাজিক অৱদানৰ বিষয়ে চৰ্চা কৰে।
Assamese | April 21, 2024 6:46 PM | Local news
তেজপুৰ সাহিত্য সভাৰ উদ্যোগত পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন