♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখনত এগৰাকী শিক্ষকৰ লগতে এটা পুথিভঁৰাল, কম্পিউটাৰ আৰু খেলৰ সামগ্ৰী থাকিব। বাহনখনে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰি শিশুসকলক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই পদক্ষেপৰ শলাগ লৈ কয় যে, শিবিৰত থকা শিশুসকলে কোনোধৰণৰ শিক্ষাৰ পৰা বঞ্চিত হোৱাতো উচিত নহয়। তেওঁ লগতে এনেধৰণৰ বাহনৰ সংখ্যা বৃদ্ধিৰ বাবে বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিক প্রয়োজনীয় সকলো সমর্থন আগবঢ়াবলৈ মুখ্য সচিবক নির্দেশ দিয়ে।
Assamese | May 6, 2024 12:22 PM | Local news | Manipur
ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ