গোৱালপাৰা জিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে ৭ গৰাকী আহত হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, দুধনৈ থানাৰ অন্তর্গত আমজোঙাৰ দীনদয়াল মহাবিদ্যালয়ৰ সমীপত বনভোজকাৰী দলৰ এখন বাহনে এখন সামগ্ৰী কঢ়িওৱা বাহনক খুন্দিওৱাৰ ফলত দলটোৰ দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন ৬ জন গুৰুতৰভাৱে আহত হয়। আনহাতে, আগিয়া থানাৰ অন্তৰ্গত কল্যাণপুৰত বাছ আৰু ডাম্পাৰৰ মাজত হোৱা আন এটা দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছে।
Assamese | April 7, 2024 1:04 PM | Local news
গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত