বিগত বছৰৰ দৰে আজি কামৰূপ জিলা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ ঐতিহাসিক পটভূমি আৰু কামৰূপ জিলাৰ পৰ্যটন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। তদুপৰি জিলা দিৱসৰ কাৰ্যসূচীত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদান প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে শুভংকৰ আৰু সংগীত উন্মোচনৰ লগতে ব্ৰেণ্ড এম্বেছেডৰৰ পৰিচয় আৰু সম্বৰ্ধনা পৰ্বও অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি দৰ্শকৰ মাজত মুকলি কুইজ প্রতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে বাটৰ নাটৰো আয়োজন কৰা হৈছে। ইয়াৰ লগতে আয়ুক্ত কাৰ্যালয়ৰ পৰা পচৰীয়াৰ আলবৈ ৰণ স্মৃতি ক্ষেত্ৰলৈ শিক্ষাৰ্থীৰ চাইকেল ৰেলী উলিওৱা হয়।
Assamese | March 31, 2024 7:43 PM | Local news
দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন