প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে কৈছে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রী মোদীক শুভেচ্ছা জ্ঞাপন কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে শ্রী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনির্ভশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়ৱদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাইও প্রধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
Assamese | September 17, 2026 11:45 AM | PM Modi
৭৬ সংখ্যক জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিকে ধৰি বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন