শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱীক কুষ্মাণ্ডা ৰূপৰ পূজা কৰা হ’ব। কাইলৈ স্কন্দমাতা আৰু পৰহিলৈ কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ’ব। আনহাতে, শনিবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক, বেদীত প্ৰতিষ্ঠা কৰা হ’ব। সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌৰী আৰু মহা নৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ’ব। ধর্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। কালি দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয়। সাহস, মানসিক শক্তি, শান্তি আৰু ৰূপ-লাৱন্যৰ অধিষ্ঠাত্ৰী দেৱী চন্দ্ৰঘণ্টাৰ পূজা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্রাচীন দৌল-দেৱালয়সমূহত যথাবিহিত ৰীতি-নীতিৰে সম্পন্ন কৰা হৈছে।
দৰঙৰ তিনিজা হাউলীত চাৰিশ বছৰৰো পুৰণি দুৰ্গা পূজা পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কোচ ৰাজত্বৰ স্মৃতি বিজড়িত মঙলদৈৰ ৰজা হাউলী, মোহনপুৰ হাউলী আৰু গাখীৰখোৱা হাউলীত পৰহিৰে পৰা ২১ অক্টোবৰলৈ দুর্গোৎসৱৰ আয়োজন কৰা হৈছে। স্বকীয় ঐতিহ্য আৰু বৈশিষ্ট্যৰ বাবে এই পূজা কেইভাগিয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।