October 14, 2026 11:05 AM
13
শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱীক কুষ্মাণ্ডা ৰূপত পূজা অৰ্চনা
শাৰদীয় নৱৰাত্ৰিৰ আজি চতুর্থ দিনা দেৱীক কুষ্মাণ্ডা ৰূপৰ পূজা কৰা হ'ব। কাইলৈ স্কন্দমাতা আৰু পৰহিলৈ কাত্যায়নী ৰূপত শক্তিৰূপিনী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে, শনিবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক, বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌৰী আৰু মহা নৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসর্জন দিয়া হ'ব। ধর্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। কালি দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয়। সাহস, মানসিক শক্তি, শান্তি আৰু ৰূপ-লাৱ...