আজি মহালয়া। এই উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পার্বন আদি অনুষ্ঠিত হয়। আহিন মাহৰ অমাৱশ্যা তিথিত দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা আৰম্ভ হোৱা মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃ পক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুর্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ’ব। এইবাৰ দেৱীৰ ঘোঁৰাত আগমন হৈছে আৰু নৌকাত গমন কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে মা দুৰ্গাৰ আশীৰ্বাদে সমাজলৈ শান্তি, সহমর্মিতা আৰু আশাৰ বতৰা কঢ়িয়াই আনিব বুলি কামনা কৰে। তেওঁ লগতে সকলোৰে সুখ-সমৃদ্ধি কামনা কৰে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহালয়া উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই কয় যে মহালয়াত পিতৃপক্ষৰ অন্ত পৰে আৰু দেৱীপক্ষ আৰম্ভ হৈ মা দুৰ্গাৰ আগমন ঘটে। শ্ৰীশ্বাহে মা দুৰ্গাৰ আশীৰ্বাদে প্ৰত্যেকৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰে।