October 14, 2026 11:31 AM | Cm Nijut maina

printer

কাইলৈ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ চেক বিতৰণ

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ চেকসমূহ কাইলৈ বিতৰণ কৰা হ’ব। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ ১১ বজাত আয়োজিত কেন্দ্রীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত শিক্ষামন্ত্রী ডা০ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকী বিধায়কে অংশ ল’ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক ৮০০ টকাকৈ, স্নাতক ছাত্রীসকলক এহেজাৰ ২৫০ টকাকৈ, স্নাতকোত্তৰ আৰু বি.এডৰ ছাত্ৰীসকলক দুহেজাৰ ৫০০ টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক ৮০০ টকাকৈ প্ৰদান কৰা হ’ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক এহেজাৰ টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক দুহেজাৰ টকাকৈ প্ৰদান কৰা হ’ব।