October 14, 2026 10:58 AM | BIS

printer

আজি বিশ্ব মান দিৱস ২০২৬ উদযাপন

ভাৰতীয় মানক ব্যুৰ’- BISৰ গুৱাহাটী শাখাই আজি বিশ্ব মান দিৱস ২০২৬ উদযাপন কৰিছে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰে নিকা আৰু সহজলভ্য শক্তিৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। BISৰ সঞ্চালক আৰু গুৱাহাটী শাখাৰ মুৰববী শৌভিক চন্দাই কয় যে সামগ্ৰীৰ গুণাগুণ, গ্ৰাহকৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে সামগ্ৰীৰ মান নিশ্চিত কৰাটো প্ৰয়োজন। আজিৰ এই অনুষ্ঠানত বহনক্ষম উন্নয়নৰ লক্ষ্য- সাত সন্দৰ্ভত এখন কাৰিকৰী সত্ৰ অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীত বিদ্যায়তনিক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞ প্রতিনিধিয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানত আই আই টি গুৱাহাটী, এ পি ডি চি এল, ভাৰতীয় তেল নিগম লিমিটেড, গুৱাহাটী শোধনাগাৰ, এন আই টি মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিয়ে অংশ ল’ব।