October 14, 2026 11:09 AM | sivsagar

printer

শিৱসাগৰৰ ঐতিহাসিক কালীপ্রসাদ মেম’ৰিয়েল হল প্ৰাংগণত ৯৩ সংখ্যক দুর্গোৎসৱৰ লগতে ১৮ সংখ্যক শৰৎ উৎসৱ

শিৱসাগৰ বাৰোৱাৰী পূজা সমিতিৰ উদ্যোগত অহা ১৬ৰ পৰা ২১ অক্টোবৰলৈ ঐতিহাসিক কালীপ্রসাদ মেম’ৰিয়েল হল প্ৰাংগণত ছদিনীয়া কাৰ্যসূচীৰে ৯৩ সংখ্যক দুর্গোৎসৱৰ লগতে ১৮ সংখ্যক শৰৎ উৎসৱ অনুষ্ঠিত হ’ব। মহালয়াৰ পৰা বিভিন্ন কাৰ্যসূচী পালন কৰি অহা এইখন পূজা সমিতিয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্কতা সন্দৰ্ভত বিশেষ কাৰ্যসূচীৰ দিহা কৰিছে। পূজাৰ সময়ছোৱাত ধৰ্মীয় ৰীতি-নীতিৰ উপৰি সমিতিয়ে ১৮ অক্টোবৰত দিনৰ ১০ বজাৰ পৰা শিক্ষাৰ্থীসকলৰ মাজত ৰজত শৰ্মা সোঁৱৰণি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পূজাৰ লগতে শৰৎ উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।