September 17, 2026 1:05 PM

views 10

শিৱসাগৰৰ কাংকন নগৰত মাদকদ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক

শিৱসাগৰৰ কাংকান নগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি আৰক্ষীয়ে মাদকদ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লোক দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় ৮০ গ্রাম মাদকদ্ৰব্যৰ লগতে এখন স্কুটী জব্দ কৰে। শিৱসাগৰৰ আৰক্ষী উপ-পৰিদৰ্শক দেৱাশিস শৰ্মাৰ নেতৃত্বত চলোৱা এই অভিযানত লোক দুজনক আটক কৰা হয় ৷

January 17, 2026 7:23 PM

views 49

শিৱসাগৰত জিলা প্রশাসনৰ আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি

শিৱসাগৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত জিলা প্রশাসনে আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি কৰিছে। জিলা দণ্ডাধীশ স্বাক্ষৰিত নিৰ্দেশ অনুসৰি আজিৰ পৰা ৬০ দিনলৈ নিষেধাজ্ঞা বলবৎ থাকিব। নিষেধাজ্ঞা অনুসৰি অনুমতি অবিহনে ৫ জন বা তাতকৈ অধিক লোকৰ সমাবেশত বাধা আৰোপ কৰা হৈছে। যিকোনো ধৰণৰ ছান্দা সংগ্রহ, প্রতিকৃতি দাহ, পথ অৱৰোধ, ৰাজহুৱা সম্পত্তি ধবংস আদিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে জিলাখনৰ সংৰক্ষিত কীৰ্তিচিহ্নৰ ২০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত কর্তৃত্বহীন ব্যক্তি বা সংগঠনৰ প্ৰব...

January 6, 2026 12:44 PM

views 55

শিৱসাগৰত কালিৰেপৰা ১ জানুৱাৰীলৈ সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত

শিৱসাগৰ জিলাৰ জাঁজী মৰাণছিগাৰ মহাভৈৰৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু মৰাণছিগাবাসীৰ সহযোগত কালিৰেপৰা ১ জানুৱাৰীলৈ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত শিশু ভাওনা প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি পুৱা পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, প্রতিযোগিতাৰ আসন প্রতিষ্ঠা, শৰাই অর্পণ, কীর্তন পাঠ আদি কৰা হয়। সন্ধিয়া প্ৰথম দিনাৰ ভাওনাত গোলাঘাটৰ সাৰংগপানী শিল্পী সমাজৰ দ্বাৰা 'ভাতৃবধূ' নাট পৰিবেশন কৰা হয়। ইয়াৰ পাছতে মৰাণহাটৰ বকুলবন নাট্যগোষ্ঠীয়ে 'ৰাম পৰাজয়-সীতাৰ পাতাল গমন' নাট পৰিৱেশন কৰে। আ...

December 17, 2025 12:36 PM

views 46

সমগ্র শিক্ষাৰ উদ্যোগত, শিৱসাগৰৰ পাঁচখন পি এম শ্রী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক চ্যুকাফা সমন্বয় কেন্দ্র আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন

সমগ্র শিক্ষা, শিৱসাগৰৰ উদ্যোগত কালি জিলাখনৰ পাঁচখন পি এম শ্রী বিদ্যালয়ৰ ৪৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীক যোৰহাট জিলাৰ স্বৰ্গদেউ চ্যুকাফা সমন্বয় কেন্দ্র আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰোৱা হয়। বাণমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্রী বৰপাত্র দল উচ্চ মাধ্যমিক বিদ্যালয়, বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়, আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে এই ভ্রমণত অংশ লয়। ছাত্র-ছাত্রীসকলে স্বর্গদেউ চ্যুকাফা সমন্বয় ক্ষেত্র, আহোম সংগ্রহালয়, হস্তশিল...

June 21, 2025 7:10 PM

views 138

অ’ এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত

শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অ' এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ আজি দশম দিনাও চেষ্টা অব্যাহত আছে। আমেৰিকাৰ পৰা অহা তিনিজন বিশেষজ্ঞই কেপিং পদ্ধতি প্রয়োগেৰে গেছ নিগমন ৰোধ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই আছে। ইপিনে ফুকন নগৰত থকা এছ কে পেট্ৰ'ৰ মুখ্য কাৰ্যালয়ত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি প্রতিবাদস্থলীত উপস্থিত হৈ এছ কে পেট্ৰ'ৰ প্ৰতিনিধিৰ দলে বীৰ লাচিত সেনাৰ সৈতে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। বীৰ লাচিত সেনাই আলোচনা স্বীকাৰ কৰি কেইবাটাও দাবী উত্থাপন কৰে। ১০০ শতা...

February 28, 2025 1:37 PM

views 64

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রীৰ মন্তব্য

শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত শিৱৰাত্ৰি উৎসৱৰ সামৰণি অনুষ্ঠানত অংশ লৈ কালি তেওঁ এই বিষয়ে প্রকাশ কৰে। অহা বছৰৰ পৰা এই শিৱৰাত্ৰি উৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ কয়। এই অনুষ্ঠানতে তেওঁ মুক্তিনাথ নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী সভাত তেওঁ ধ্যান আৰু যোগ সকলো শ্ৰেণীৰ লোকৰ বাবে অনুকৰণীয় বুলি উল্লেখ কৰে।

November 28, 2024 7:50 PM

views 51

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শ‍ইকীয়াৰ অধ্যক্ষতাৰ এই নিৰীক্ষণ সমিতিয়ে আজি ডিমৌত নির্মীয়মান ৰাইছাই গ্ৰাম্য ষ্টেডিয়াম, লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান ষ্টেডিয়াম সংযোগী পথৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। সমিতিৰ সদস্যসকলে ৰুদ্ৰসাগৰত চলি থকা ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰে। ৭ গৰাকী সদস্য বিশিষ্ট এই সমিতিয়ে আজি জিলা দুখনৰ নির্মাণকার্য চলি থকা স্থানসম...

September 11, 2024 1:26 PM

views 72

শিৱসাগৰত কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ

শিৱসাগৰ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে উচ্চ মূল্যৰ শস্যৰ খেতিৰ বাবে জিলাখনত কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে। জিনা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি আমগুৰিত এই পদ্ধতিবে কৃষি কৰ্ম আৰম্ভ কৰা এটা পলি হাউছত পুলি ৰোপণ কৰি কৃষি কৰ্মৰ শুভাবম্ভ কবে। জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৫৫ টা পলি হাউছ নিৰ্মাণ কৰা হৈছে।

July 23, 2024 7:41 PM

views 63

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ হৈছে। জিলাখনত দুমাহ ধৰি চলিব লগা এই অভিযানৰ জৰিয়তে ডায়েৰিয়া নিৰ্মূল কৰাৰ বাবে ব্যাপক ৰূপত কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাত ধুৱা, অ আৰ এছ খাবলৈ পৰামৰ্শ দিয়াৰ লগতে জিলাখনত অ আৰ এছ কৰ্ণাৰ স্থাপন কৰা হ'ব ।

May 11, 2024 6:24 PM

views 68

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকীক বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমীয়া সাহিত্যৰ সম্প্ৰতি ভাল দিন চলি আছে। অসমীয়া সাহিত্য বৰ্তমান বিশ্ব স্তৰতো পৰিচিত উল্লেখয...