সমগ্র শিক্ষা, শিৱসাগৰৰ উদ্যোগত কালি জিলাখনৰ পাঁচখন পি এম শ্রী বিদ্যালয়ৰ ৪৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীক যোৰহাট জিলাৰ স্বৰ্গদেউ চ্যুকাফা সমন্বয় কেন্দ্র আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰোৱা হয়। বাণমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্রী বৰপাত্র দল উচ্চ মাধ্যমিক বিদ্যালয়, বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়, আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে এই ভ্রমণত অংশ লয়। ছাত্র-ছাত্রীসকলে স্বর্গদেউ চ্যুকাফা সমন্বয় ক্ষেত্র, আহোম সংগ্রহালয়, হস্তশিল্প আৰু কাৰশিল্প কেন্দ্র, স্থানীয় শিল্প কলা উদ্যান আৰু প্রেক্ষাগৃহ পৰিদৰ্শন কৰে। তেওঁলোকে লগতে যোৰহাটৰ বৰ্ষাৰণ্য গবেষণা প্রতিষ্ঠান পৰিদৰ্শন কৰে।
Assamese | December 17, 2025 12:36 PM | sivsagar
সমগ্র শিক্ষাৰ উদ্যোগত, শিৱসাগৰৰ পাঁচখন পি এম শ্রী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক চ্যুকাফা সমন্বয় কেন্দ্র আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন