শিৱসাগৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত জিলা প্রশাসনে আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি কৰিছে। জিলা দণ্ডাধীশ স্বাক্ষৰিত নিৰ্দেশ অনুসৰি আজিৰ পৰা ৬০ দিনলৈ নিষেধাজ্ঞা বলবৎ থাকিব। নিষেধাজ্ঞা অনুসৰি অনুমতি অবিহনে ৫ জন বা তাতকৈ অধিক লোকৰ সমাবেশত বাধা আৰোপ কৰা হৈছে। যিকোনো ধৰণৰ ছান্দা সংগ্রহ, প্রতিকৃতি দাহ, পথ অৱৰোধ, ৰাজহুৱা সম্পত্তি ধবংস আদিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে জিলাখনৰ সংৰক্ষিত কীৰ্তিচিহ্নৰ ২০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত কর্তৃত্বহীন ব্যক্তি বা সংগঠনৰ প্ৰবেশ নিষিদ্ধ কৰা হৈছে।
Assamese | January 17, 2026 7:23 PM | sivsagar
শিৱসাগৰত জিলা প্রশাসনৰ আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি