ৰাজ্যত আধুনিক ক্রীড়া আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছে। তেওঁ কয় যে আধুনিক আন্তঃগাঁথনি, উন্নত প্ৰশিক্ষণ আৰু প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত অসমক আগুৱাই নিয়াৰ সংকল্পৰে ৰাজ্য চৰকাৰৰ যাত্ৰা অব্যাহত আছে। দুদিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই নাহৰকটীয়াত কালি এটা বহুমুখী ক্রীড়া প্রকল্প উদ্বোধন কৰি এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে তৃণমূল পৰ্যায়ৰ প্ৰতিভাক চিনাক্ত কৰি ক্ৰীড়াত অধিক অংশগ্রহণ নিশ্চিত কৰিবলৈ আৰু যুৱ প্ৰজন্মৰ বাবে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্ব্বিতাৰ পথ প্রশস্ত কৰিবলৈ ক্রীড়া আন্তঃগাঁথনিত বিনিয়োগ কৰাটো অপৰিহাৰ্য। নাহৰকটীয়াৰ অনন্য প্ৰতিভাৱান ক্রীড়াবিদসকলক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নাহৰকটীয়া কেৱল প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ নহয় বৰং ক্রীড়া ক্ষেত্ৰতো অঞ্চলটোৰ গৌৰৱময় পৰিচয় আছে। অসমত প্ৰথমটো ভলীবল দল নাহৰকটীয়াৰ পৰাই গঠন হৈছিল বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে ফুটবল, এথলেটিকছ আৰু সাঁতোৰৰ আধুনিৰ সুবিধাৰে সমৃদ্ধ এই প্রকল্পই নৱপ্ৰজন্মৰ ক্ৰীড়া প্রতিভা বিকাশৰ নতুন সুযোগ প্রদান কৰিব। তদুপৰি অসম ক্রিকেট সন্থাৰ উদ্যোগত নিৰ্মিত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়ামে অঞ্চলটোত এই ক্রীড়াবিধৰ প্ৰসাৰত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ড০ শৰ্মাই অহা ৩১ জানুৱাৰীৰ পৰা হ’বলগীয়া অসম সাহিত্য সভাৰ ৭৮ সংখ্যক দুলীয়াজান অধিৱেশনৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি নাহৰকটীয়াত এখন বৈঠকত মিলিত হয়। বৈঠকত এই অধিৱেশন সফলভাৱে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।