October 14, 2026 10:54 AM

views 8

ৰাজ্যত আধুনিক ক্রীড়া আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত আধুনিক ক্রীড়া আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছে। তেওঁ কয় যে আধুনিক আন্তঃগাঁথনি, উন্নত প্ৰশিক্ষণ আৰু প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত অসমক আগুৱাই নিয়াৰ সংকল্পৰে ৰাজ্য চৰকাৰৰ যাত্ৰা অব্যাহত আছে। দুদিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই নাহৰকটীয়াত কালি এটা বহুমুখী ক্রীড়া প্রকল্প উদ্বোধন কৰি এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে তৃণমূল পৰ্যায়ৰ প্ৰতিভাক চিনাক্ত কৰি ক্ৰীড়াত অধিক অংশগ্রহণ নিশ্চিত কৰিবলৈ আৰু যুৱ প...