ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানিৰ সুবিধা লাভ কৰিবলৈ হ’লে শিক্ষানুষ্ঠানত কমেও ৭০ শতাংশ উপস্থিতি বাধ্যতামূলক হ’ব। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি গুৱাহাটীত অনুসূচীত জনজাতিৰ বাবে ঘোষিত মেট্ৰিকোত্তৰ জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয়, যে যিসকল শিক্ষার্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ’ব তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ’ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্রযোজ্য হ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
তেওঁ কয়, যে প্রাকৃতিক দুর্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি বা পৰিয়ালৰ কাৰোবাৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষার্থীসকলো ৫০ শতাংশ মাচুল ৰেহাইৰ বাবে যোগ্য থৈ থাকিহ বুলি তেওঁ মন্তব্য কৰে।