September 17, 2026 11:36 AM | Sewa Samarpan Maah

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰেপৰা সেৱা সমৰ্পন মাহৰ কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰেপৰা সেৱা সমৰ্পন মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্রান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এটা মটৰ চাইকেল সমদল উলিয়াব। প্রধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কার্যসূচী গ্ৰহণ কৰা হ’ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভ উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা ১৭ অক্টোবৰলৈ কুইজ, আবৃত্তি প্রতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে আহ্বান জনাইছে।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পন মাহৰ অংশস্বৰূপে তামুলপুৰ জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীসমূহ সূচাৰুৰূপে ৰূপায়ণৰ বাবে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত চিমি কৰণে অভিযানৰ অধীনত সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব আৰু কৰণীয় সম্পর্কে বিস্তৃতভাৱে ব্যাখ্যা কৰে।

সেৱা সমৰ্পন মাহ আয়োজন সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনেও কাৰ্যসূচী ৰূপায়ণ কৰিব। এই উপলক্ষে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত কাৰ্যসূচীসমূহৰ ফলপ্ৰসু ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়।