September 17, 2026 11:36 AM

views 37

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰেপৰা সেৱা সমৰ্পন মাহৰ কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰেপৰা সেৱা সমৰ্পন মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্রান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এটা মটৰ চাইকেল সমদল উলিয়াব। প্রধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কার্যসূচী গ্ৰহণ কৰা হ'ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভ উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপ...

September 16, 2026 7:59 PM

views 32

নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰূপে ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কাইলৈৰ পৰা সেৱা সমর্পন মাহ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা ১৭ অক্টোবৰলৈ সেৱা সমর্পন মাহৰ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ, আবৃত্তি প্রতিযোগিতাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ'ব। প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে আহ্বান জনাইছে। অসমৰ উন্নয়নৰ বাবে প্রধানমন্ত্রী মোদীয়ে অৰিহণা আগবঢ়োৱা বুলি মুখ্যম...