September 16, 2026 7:59 PM | Sewa Samarpan Maah

printer

নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰূপে ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কাইলৈৰ পৰা সেৱা সমর্পন মাহ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা ১৭ অক্টোবৰলৈ সেৱা সমর্পন মাহৰ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ, আবৃত্তি প্রতিযোগিতাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ’ব। প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে আহ্বান জনাইছে। অসমৰ উন্নয়নৰ বাবে প্রধানমন্ত্রী মোদীয়ে অৰিহণা আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অৱদানৰ স্বীকৃতি স্বৰূপে প্রধানমন্ত্রী মোদীক সন্মান প্রদর্শন কৰিবলৈ তেওঁ আহ্বান জনায়।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমর্পন মাহৰ অংশস্বৰূপে তামুলপুৰ জিলাতো বিভিন্ন কার্যসূচী অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীসমূহ সূচাৰুৰূপে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত চিমি কৰণে অভিযানৰ অধীনত সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব আৰু কৰণীয় সম্পর্কে বিস্তৃতভাবে বুজাই দিয়ে।

সেৱা সমর্পন মাহ আয়োজন সন্দৰ্ভত শিৱসাগৰ জিলা প্রশাসনেও কার্যসূচী ৰূপায়ণ কৰিব। এই উপলক্ষে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত মৃদুল য়াদৱৰ সভাপতিত্ব অনুষ্ঠিত বৈঠকত কাৰ্যসূচীসমূহৰ ফলপ্ৰসু ৰূপায়ণৰ বাবে গ্রহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়।