ওদালগুৰিৰ খৈৰাবাৰীত গাঁওৰক্ষী বাহিনীৰ সভা অনুষ্ঠিত

ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি গাঁওৰক্ষী বাহিনীৰ এখন সভা অনুষ্ঠিত হয়।

ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত গাঁওৰক্ষী বাহিনীৰ সদস্যসমূহক সক্ৰিয় হৈ অসামাজিক কাম-কাজৰ ওপৰত সতর্কদৃষ্টি ৰাখিবলৈ উৎসাহিত কৰা হয়।

সভাত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা ছাতি সদস্যসকলৰ মাজত বিতৰণ কৰা হয়৷