শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।

ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰচে, তিনটিকীয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ ১৩ খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে।

এই নৌকা ক্লিনিকত এগৰাকী চিকিৎসা বিষয়া, এগৰাকী এ এন এম, এজন ফাৰ্মাচিষ্ট, এজন পৰীক্ষাগাৰ কৰ্মী আৰু অন্যান্য সহকাৰী স্বাস্থ্যকর্মীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে।

তেওঁলোকে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা সভাও অনুষ্ঠিত কৰি আহিছে।