দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন

দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত ৫ বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে।

উল্লেখযোগ্য যে ১৯৮৩ চনৰ ১ জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা তিনিখন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত ৫ বছৰৰ পৰা পহিলা জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্ত প্রদীপ টিমুঙে আজি পুৱা সমূহীয়া দৌৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।

গোৱালপাৰা জিলা দিৱস উপলক্ষে বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলাবাসীলৈ শুভেচ্ছা জনাছে৷