কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
সম্প্ৰতি সমন্বয়ৰক্ষীৰ সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক দীপক দাসে সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ চিকিৎসাৰ বাবে চৰকাৰক সহায় আগবঢ়াবলৈ আহ্বান জনাইছে।