ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত ১৭ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে, এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত দুজন আৰু নগৰবেৰা আৰু ছয়গাওঁত একোজনকৈ লোকৰ মৃত্যু হৈছে।
জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোৱা দিয়া, ঔষধ মিহলি আঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰ আয়োজন কৰি আহিছে। জিলাখনৰ বকো, ছয়গাওঁ, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলি আৰু হাজো আদি অঞ্চলত ধোৱা দিয়া হৈছে।
তদুপৰি গাহৰী থকা অঞ্চলসমূহত গাহৰীৰ তেজ পৰীক্ষা কৰোৱা হৈছে। শিৱসাগৰ জিলাতো ৪ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে।
জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ উপৰি আৰু সজাগতামূলক কাৰ্যসূচী চলাই আহিছে।