July 14, 2026 1:42 PM

views 23

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ বর্তমান নিয়ন্ত্রণত

শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাব বর্তমান নিয়ন্ত্রণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্রকোপ হ্রাস পাইছে। চলিত বর্ষত জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনো লোকৰ মৃত্যু হোৱা নাই। সময়মতে ৰোগ চিনাক্তকৰণ, উন্নত চিকিৎসা ব্যৱস্থা, টীকাকৰণ, বাহক নিয়ন্ত্রণ আৰু জন সচেতনতাৰ বাবে এই ৰোগে জিলাখনত বিশেষভারে...

July 4, 2026 7:35 PM

views 20

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ অব্যাহত

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত ১৭ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে, এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত দুজন আৰু নগৰবেৰা আৰু ছয়গাওঁত একোজনকৈ লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোৱা দিয়া, ঔষধ মিহলি আঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰ আয়োজন কৰি আহিছে। জিলাখনৰ বকো, ছয়গাওঁ, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলি আৰু হাজো আদি অঞ্চলত ধোৱা দিয়া হৈছে। তদুপৰি গাহৰী থ...

July 3, 2026 7:57 PM

views 20

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ অব্যাহত

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য শাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্রাদুর্ভাব বৃদ্ধি পাইছে। জিলাখনত বর্তমানলৈকে মুঠ ১৭ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত ১৪ জন লোক চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্রান্ত তিনিজন লোক সম্প্রতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্রাদুর্ভাৱ নিয়ন্ত্ৰণৰ বাবে এই পর্যন্ত...

June 24, 2026 1:23 PM

views 33

ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ৩ গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তিনিগৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহত গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাত...

January 17, 2026 12:36 PM

views 63

মাজুলীত সোমবাৰে জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলীত পৰহিলৈ জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ'ব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সামৰি ল'বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাজুলী জিলাক জাপানী এনকেফেলাইটিছৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সকলো নাগৰিককে এই প্রতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শ্রীভূমি জিলাতো ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকলক সামৰ...

January 16, 2026 8:02 PM

views 51

মাজুলীত ১৯ জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলী জিলাত অহা ১৯ জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ'ব। প্রাপ্তবয়স্ক লোকসকলক সামৰি ল'বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো যোগ্য প্রাপ্ত বয়স্কক এই অভিযানত অন্তর্ভুক্ত কৰা হ'ব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। মাজুলী জিলাৰ মুঠ জনসংখ্যাৰ ৭২ হাজাৰ প্ৰাপ্তবয়স্ক লোকক সামৰি লোৱাৰ লক্ষ্যৰে ৪৬৮ খন গাঁও আৰু ৪৪ টা উপ-স্বাস্থ্য কেন্দ্ৰ লগ লাগি ৩৪৪ টা প্রতিষেধক প্ৰ...

August 5, 2025 7:22 PM

views 52

পশ্চিম কাৰ্বি আংলঙত নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযান

পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আয়ুক্ত সাৰংগপানি শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিভিন্ন সমাজ উন্নয়নমূলক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিসকলক সন্মান যচা হয়। তাৰোপৰি আমৰি, চচেং আৰু ৰংখাং খণ্ড বিষয়া কার্যালয়ে লাভ কৰা চাৰে ৩ কোটি টকাৰ অনুদানো গুৰুত্বপূৰ্ণ শিতানত ব্যয় কৰিবলৈ জিলা আয়ুক্তই আহ্বান জনায়।

August 1, 2025 11:31 AM

views 66

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত ১০ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে। আক্রান্তসকলৰ ভিতৰত ইতিমধ্যে শিশুসহ দুজন লোকৰ মৃত্যু ঘটিছে। বিশ্বনাথ জিলাৰ টেঙাবৰী গাঁৱৰ গিৰিশ বৰা, বালিজুৰিৰ সোণাৰাণী বসুমতাৰী আৰু গড়পালৰ আগমায়া চেত্ৰীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত এই ৰোগ নিৰ্মূলৰ বাবে জিলা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বনাঞ্চলখনৰ উচ্ছেদ কৰা ভূমিত পুনৰ বসতি স্থাপন ক...

July 19, 2025 12:14 PM

views 43

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিছৰ

● ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপত এতিয়ালৈ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিশু-মহিলাসহ ২১ গৰাকীৰ গুৱাহাটী চিকিৎসামহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। ইয়াৰ মাজত দৰং আৰু বজালীৰ দুজনকৈ, শোণিতপুৰ, ওদালগুৰি, বঙাইগাঁও, বৰপেটা, ধুবুৰী আৰু নগাঁৱৰ এজনকৈ ৰোগী আছে। হাস্পতাল কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এক এপ্ৰিলৰ পৰা এতিয়ালৈ ৭০ জন লোক হাস্পতালখনত ভৰ্তি হৈছে আৰু বৰ্তমানেও ২৯ জন সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে। গোলাঘাট, ধেমাজি, শোণিতপুৰৰ উপৰি নলবাৰী, দৰং, কামৰূপ আদি জিলাতো গুৰুতৰ...

July 18, 2025 10:38 AM

views 74

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি

● ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৰং জিলাত কালি এই ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত চলিত বছৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি হৈছে। নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙৰ লগতে উজনি অসমৰ গোলাঘাট, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্রান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ আঢ়ৈশৰো অধিক লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য ...