ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য শাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্রাদুর্ভাব বৃদ্ধি পাইছে। জিলাখনত বর্তমানলৈকে মুঠ ১৭ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত ১৪ জন লোক চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্রান্ত তিনিজন লোক সম্প্রতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্রাদুর্ভাৱ নিয়ন্ত্ৰণৰ বাবে এই পর্যন্ত দুহেজাৰৰো অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰি আশাকর্মীৰ দ্বাৰা ৩৪ হাজাৰ ২৮৯ খন ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে।
Assamese | July 3, 2026 7:57 PM | Japanese Encephalitis
ৰাজ্যত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ অব্যাহত