August 1, 2025 11:31 AM | Japanese Encephalitis

printer

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত ১০ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে। আক্রান্তসকলৰ ভিতৰত ইতিমধ্যে শিশুসহ দুজন লোকৰ মৃত্যু ঘটিছে। বিশ্বনাথ জিলাৰ টেঙাবৰী গাঁৱৰ গিৰিশ বৰা, বালিজুৰিৰ সোণাৰাণী বসুমতাৰী আৰু গড়পালৰ আগমায়া চেত্ৰীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত এই ৰোগ নিৰ্মূলৰ বাবে জিলা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বনাঞ্চলখনৰ উচ্ছেদ কৰা ভূমিত পুনৰ বসতি স্থাপন কৰিবলৈ অহা ৫ জন লোকক আৰক্ষীয়ে কালি আটক কৰে। সোণাৰি বিল টাপুত জুপৰী নিৰ্মাণ কৰি পুনৰ বসতি স্থাপন কৰাৰ পৰিকল্পনাৰ কথা গম পাই আৰক্ষীয়ে এই লোককেইজনক আটক কৰে। লোককেইজনক আৰক্ষীয়ে সোধা-পোছা কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।