ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ৩ গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তিনিগৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়।

তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহত গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে।

উল্লেখযোগ্য যে কামৰূপ জিলাত বৰ্তমানলৈ ১২ জন লোকৰ শৰীৰত জাপানী এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে আৰু ইয়াৰে চাৰিগৰাকী মৃত্যুমুখত পৰিছে।

আন ৮ গৰাকীৰ মাজৰ ৫ গৰাকী ইতিমধ্যে সুস্থ হৈ উঠাৰ লগতে আন তিনিগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জিলা মেলেৰিয়া বিষয়া ডা০ ঋতুপর্ণ ৰাজকুমাৰে প্ৰকাশ কৰে৷