পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আয়ুক্ত সাৰংগপানি শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিভিন্ন সমাজ উন্নয়নমূলক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিসকলক সন্মান যচা হয়। তাৰোপৰি আমৰি, চচেং আৰু ৰংখাং খণ্ড বিষয়া কার্যালয়ে লাভ কৰা চাৰে ৩ কোটি টকাৰ অনুদানো গুৰুত্বপূৰ্ণ শিতানত ব্যয় কৰিবলৈ জিলা আয়ুক্তই আহ্বান জনায়।
Assamese | August 5, 2025 7:22 PM | Japanese Encephalitis
পশ্চিম কাৰ্বি আংলঙত নীটি আয়োগৰ অধীনত সম্পূৰ্ণতা অভিযান