● ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপত এতিয়ালৈ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে শিশু-মহিলাসহ ২১ গৰাকীৰ গুৱাহাটী চিকিৎসামহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে। ইয়াৰ মাজত দৰং আৰু বজালীৰ দুজনকৈ, শোণিতপুৰ, ওদালগুৰি, বঙাইগাঁও, বৰপেটা, ধুবুৰী আৰু নগাঁৱৰ এজনকৈ ৰোগী আছে। হাস্পতাল কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এক এপ্ৰিলৰ পৰা এতিয়ালৈ ৭০ জন লোক হাস্পতালখনত ভৰ্তি হৈছে আৰু বৰ্তমানেও ২৯ জন সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে। গোলাঘাট, ধেমাজি, শোণিতপুৰৰ উপৰি নলবাৰী, দৰং, কামৰূপ আদি জিলাতো গুৰুতৰ ৰূপ ধাৰণ কৰা এই ৰোগৰ আক্ৰান্তৰ সংখ্যা ২৫০ অতিক্ৰম কৰিছে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ লগতে হোজাই জিলাতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাব দেখা গৈছে।
Assamese | July 19, 2025 12:14 PM | Akashvani Guwahati | Assam Govt | Japanese Encephalitis | Local news
ৰাজ্যত সংহাৰী ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিছৰ