শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাব বর্তমান নিয়ন্ত্রণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্রকোপ হ্রাস পাইছে।
চলিত বর্ষত জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনো লোকৰ মৃত্যু হোৱা নাই। সময়মতে ৰোগ চিনাক্তকৰণ, উন্নত চিকিৎসা ব্যৱস্থা, টীকাকৰণ, বাহক নিয়ন্ত্রণ আৰু জন সচেতনতাৰ বাবে এই ৰোগে জিলাখনত বিশেষভারে গা কৰি উঠিব পৰা নাই বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰে। জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা, পানী জমা হ’ব নিদিয়া, মহৰ কামোৰৰ পৰা সুৰক্ষাৰ ব্যৱস্থা লোৱাৰ লগতে জ্বৰ, মূৰৰ বিষ, বমি, অচেতনতা আদি লক্ষ্যণ দেখা দিলে নিকটবর্তী স্বাস্থ্য কেন্দ্রলৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।