অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত পৰিষদে এই সন্দৰ্ভত অৱস্থান ধৰ্মঘট আদি কাৰ্যসূচী হাতত লৈছে।

বজালী জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত চাৰি-দফীয়া দাবী উত্থাপনেৰে দুখন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰক-পত্ৰ অসমৰ বান গৰাখহনীয়াৰ ফলত কৃষি, অর্থনীতি, যোগাযোগ ব্যৱস্থা আৰু জনজীৱনত পৰা ব্যাপক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হয়। লগতে বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে দাবীসমূহৰ সমৰ্থনত পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনি-ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰ, সাংগঠনিক সম্পাদক মন্টু কুমাৰ শৰ্মাৰ লগতে জিলা সমিতিৰ বহু নেতা-কর্মীয়ে অংশগ্ৰহণ কৰি চৰকাৰক শীঘ্ৰেই ফলপ্রসূ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।