বি পি এফ দলৰ উদ্যোগত ওদালগুৰিত আজিৰেপৰা তিনিদিনীয়াকৈ যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ জৰিয়তে যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশ আৰু ৰাষ্ট্ৰ গঢ়াৰ দিশত বৰঙণি যোগাবলৈ তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই মহোৎসৱৰ অংশ হিচাপে সাহিত্য, ক্রীড়া আৰু সাংস্কৃতিক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী চৰণ বড়ো, বি টি চি পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | October 22, 2026 5:17 PM | Akashvani | Akashvani News | BPF | Local news
বি পি এফ দলৰ উদ্যোগত ওদালগুৰিত আজিৰেপৰা ৩ দিনীয়াকৈ যুৱ মহোৎসৱৰ আয়োজন