অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হয়। ডিব্ৰুগড় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পশু কল্যাণমূলক বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকসকলে এই অভিযান সম্পন্ন কৰে।

উল্লেখযোগ্য যে পূৰ্বেও ৭০ টাৰো অধিক কুকুৰক টিকাকৰণ কৰাৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ২০ টাতকৈ অধিক কুকুৰক এই টিকা দিয়া হয়।

পশু কল্যাণ আৰু জনসুৰক্ষাৰ বাবে চিকিৎসালয় চৌহদত চলোৱা এই জলাতংক প্ৰতিৰোধী টিকাকৰণ অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।