ভূটানৰ গেলেফু চহৰৰ ১০৮ টা বৌদ্ধস্তুপ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত চিৰাঙৰ শ্যামথাইবাৰীত নিৰ্মাণ কৰা আদৰণি তোৰণ মুকলি হাগ্ৰামা মহিলাৰীৰ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু চহৰৰ ১০৮ টা বৌদ্ধস্তুপ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই পৰিপ্ৰেক্ষিতত চিৰাঙৰ শ্যামথাইবাৰীত নিৰ্মাণ কৰা আদৰণি তোৰণৰ ফিটা কাটি মুকলি কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। উল্লেখযোগ্য যে ভাৰত-ভূটান সীমান্তৰ এই বিশেষ ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ২০ খন দেশৰ লক্ষাধিক পৰ্যটকৰ এই পথেৰে আগমন ঘটিব।

ইতিমধ্যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শ্যামথাইবাৰীৰ পৰা ভূটান সীমান্তৰ দাদগিৰিলৈ ৩৫ কিলোমিটাৰযোৰা পথ নতুনকৈ সজাই তোলা হৈছে শ্রীমহিলাৰীয়ে আজি হাতীসাৰ দাদগিৰিত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শনী এখনিও মুকলি কৰে।

নিজৰ ভাষণত শ্রীমহিলাৰীয়ে ভাৰত-ভূটান সীমান্তৰ গেলেফু চহৰৰ মাইণ্ড ফুলনেচ ছিটি গঢ়ি উঠাৰ লগে লগে চুবুৰীয়া অসমৰ চিৰাং, কোকৰাঝাৰ জিলাৰ ভালেখিনি উন্নয়ন হ’ব বুলিও আশা প্রকাশ কৰে।

আজিৰ এই অনুষ্ঠানত চিদলী-চিৰাং বিধানসভা সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, ধীৰাজ বৰগঞাৰী, পাৰিষদ খাম্ফা বৰগঞাৰী, জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।