August 19, 2026 7:57 PM

views 17

জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভত সহায় হোৱাকৈ জিলাখনত জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰীয়ে কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববী গৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অর্জনেৰে জাপ...

August 6, 2026 7:41 PM

views 14

বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন

বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে আজি শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বি টি চি প্রধানগৰাকীয়ে এটা ১০৪ জনীয়া দলেৰে বান বিধ্বস্ত জিলাখনত সাহায্য প্ৰদানৰ উদ্দেশ্যেৰে উপস্থিত হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনায়। মহিলাৰীৰ নেতৃত্বত যোৱা দলটোৱে বানত ক্ষতিগ্রস্ত দুর্গম অঞ্চলৰ প্ৰায় ১০ হাজাৰ লোকক সাহায্য সামগ্রী বিতৰণ কৰে। পৰিদৰ্শনৰ সময়ত মহিলাৰীয়ে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যাসমূহ শুনি সম্ভৱপৰ স...

July 30, 2026 12:15 PM

views 27

বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিবেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে

বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিবেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিত্ত বিভাগৰ দায়িত্বত থকা বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৯০০ কোটি টকাৰ বাজেট দাখিল কৰে। মহিলাৰীয়ে বিটিচিৰ নিজা উৎসৰ পৰা ৭১ কোটি ৮৪ লাখ টকাৰ ঘাটি বাজেট দাখিল কৰে। চলিত বিত্তীয় বৰ্ষত মুঠ ৯১ কোটি ৩৪ লাখ টকা লাভৰ বিপৰীতে ১৬২ কোটি ৮৫ লাখ টকাৰ ব্যয় নিৰ্ধাৰণৰ কৰা হৈছে। কালি প্ৰশ্নকালত শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে বডোফা ছুপাৰ ফিফটিক ইউ এন ...

July 3, 2026 7:38 PM

views 20

তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পর্যালোচনা সভাত হাগ্রামা মহিলাৰী

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ উপস্থিতিত আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামুলপুৰ জিলাৰ লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা পৌৰ সভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্রী মহিলাৰীয়ে জিলাখনত বর্তমান উন্নয়নমূলক কাম-কাজসমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্রকাশ কৰে। সভাত অংশ লৈ হস্ততাঁত বস্ত্র বিভাগৰ মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে বাজেট নির্ধাৰণ হোৱাৰ ল...