বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিবেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে

বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিবেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিত্ত বিভাগৰ দায়িত্বত থকা বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৯০০ কোটি টকাৰ বাজেট দাখিল কৰে। মহিলাৰীয়ে বিটিচিৰ নিজা উৎসৰ পৰা ৭১ কোটি ৮৪ লাখ টকাৰ ঘাটি বাজেট দাখিল কৰে।

চলিত বিত্তীয় বৰ্ষত মুঠ ৯১ কোটি ৩৪ লাখ টকা লাভৰ বিপৰীতে ১৬২ কোটি ৮৫ লাখ টকাৰ ব্যয় নিৰ্ধাৰণৰ কৰা হৈছে। কালি প্ৰশ্নকালত শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে বডোফা ছুপাৰ ফিফটিক ইউ এন ব্রহ্ম বিনামূলীয়া ইউ পি এছ চি, এ পি এছ চি, নীট আৰু জে ই ই ক’চিং কাৰ্যসূচী হিচাপে পুনৰ নামকৰণ কৰাৰ বিষয়ে উল্লেখ কৰে।