জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভত সহায় হোৱাকৈ জিলাখনত জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰীয়ে কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববী গৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অর্জনেৰে জাপান, দক্ষিণ কোৰিয়া আৰু চীনৰ দৰে দেশসমূহত নিয়োগৰ সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

অসম চৰকাৰৰ সৈতে হোৱা বৈঠকৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমহিলাৰীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠক ফলপ্রসূ আছিল। এই বৈঠকত উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ লগতে বড়োভূমিৰ জনসাধাৰণৰ কল্যাণ আৰু আকাংক্ষাৰ বিষয়ত আলোচনা কৰা হয় বুলি বিটিচিৰ মুৰব্বীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।