August 19, 2026 7:57 PM

views 29

জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভত সহায় হোৱাকৈ জিলাখনত জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰীয়ে কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববী গৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অর্জনেৰে জাপ...